Janakiammal
Wife of Srinivasa Ramanujan

Janakiammal

The basics
Quick facts
Intro
Wife of Srinivasa Ramanujan
Gender:
Female
Places:
Work field:
Birth:
21 March 1899(Rajendram Gram Panchayat, Karur district, Tamil Nadu, India)
Death:
13 April 1994(Triplicane, Chennai, Chennai district, India)
Star sign:
Religions:
Biography menu
Menu

Jump to

Introduction জন্ম পৰিচয় আৰু শিক্ষা বিবাহোত্তৰ জীৱন সামাজিক অৱদান মৃত্যু তথ্যউৎস
The details
Biography

Introduction

জানকী অম্মল (জন্ম ১৮৯৯ চন, ২১ মাৰ্চ - মৃত্যু ১৯৯৪ চন ১৩ এপ্ৰিল ) হৈছে ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ পত্নী। মাত্ৰ দহ বছৰ বয়সতে বিয়া হোৱা জানকীৰ জীৱনটো কাৰুণ্যৰে ভৰা। ৩২ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লোৱা ৰামানুজনৰ মৃত্যুৰ পিছত জানকীৰ জীৱন সহজ নাছিল। মাত্ৰ তিনি বছৰহে ৰামানুজনৰ সৈতে জানকীয়ে একেলগে থাকিবলৈ পাইছিল। মাথোঁ ২১ বছৰতে বৈধব্যক সাৱটি লোৱা জানকীয়ে এটি টিনৰ বাকচত ৰামানুজনৰ ইংলেণ্ডত তৈয়াৰী পাছপ'ৰ্ট, ৰামানুজনৰ বাতৰি প্ৰকাশ পোৱা বাতৰিকাকতৰ টুকুৰা আদিকে ধৰি কেইবাবিধো সামগ্ৰী আমৃত্যু সযতনে ৰাখিছিল। স্বামীৰ মৃত্যুৰ পিছত জানকীয়ে ককায়েকৰ ঘৰত থাকি প্ৰাইভেটকৈ ইংৰাজী পঢ়িছিল।

জন্ম পৰিচয় আৰু শিক্ষা

১৮৯৯ চনৰ ২১ মাৰ্চত তামিলনাডুৰ তিৰুচিৰপল্লী জিলাৰ ৰাজেন্দ্ৰম গাঁৱত জানকী অম্মলৰ জন্ম হয়। জানকীৰ দেউতাকৰ নাম ৰংগস্বামী আয়েংগাৰ। তেওঁ ভালেমান মাটি-বাৰীৰ গৰাকী আছিল। খেতি-বাতিৰ তদাৰক কৰাৰ লগতে জানকীৰ পিতৃ আছিল সোণৰ গহনাত হীৰা খচিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ এগৰাকী বিক্ৰেতা।

জানকীৰ স্বামী ৰামানুজনৰ ১৯২০ চনৰ ২৬ এপ্ৰিলত মৃত্যু হৈছিল। তেওঁৰ অকাল মৃত্যুৰ বাবে শাহুৱেকে জানকীক দোষাৰীপ কৰিছিল। কিন্তু স্পষ্টবাদী আৰু নিৰ্ভীক জানকীয়ে শাহুৱেকৰ প্ৰচণ্ড বাধা নামানি বোম্বাইত থকা ককায়েকৰ ঘৰলৈ গুচি গৈছিল। তাত জানকীয়ে প্ৰাইভেটকৈ ইংৰাজী পঢ়িছিল। ইংৰাজী বুজিব আৰু পঢ়িব পৰাৰ লগতে জানকীয়ে অলপ অলপ ক'ব পৰাও হৈছিল।

বিবাহোত্তৰ জীৱন

এবাৰ ৰামানুজনৰ মাক কোমলতাম্মলে ৰাজেন্দ্ৰমত সম্বন্ধীয় মানুহৰ ঘৰত বিয়া খাবলৈ আহিছিল। তাতে জানকীক দেখি, তাইৰ কোষ্ঠীখন ভাল দেখি ৰামানুজনৰ সৈতে বিয়াৰ বন্দৱস্ত কৰে। ১৯০৯ চনৰ জুলাই মাহত শ্ৰীনিবাস ৰামানুজনে জানকী অম্মলক বিয়া কৰায়। বিয়াখন পাঁচদিনীয়াকৈ হৈছিল। বিয়ালৈ ৰামানুজনৰ মাতৃ আৰু ৰামানুজনহে গৈছিল। তেওঁলোকৰ পলম হোৱাৰ বাবে জানকীৰ দেউতাকে বিয়াৰ লগ্ন উকলি যাব বুলি ভয়তে বেলেগ দৰা বিচাৰিবলৈ আৰম্ভ কৰিছিল বুলিও বহুতে কয়। বিয়াৰ পিছত জানকী পিতৃ-মাতৃৰ ঘৰতেই আছিল। জানকী স্বামীঘৰলৈ আহে ১৯১২ চনত মাদ্ৰাজ বন্দৰ ন্যাসত চাকৰিত সোমোৱাৰ পিছত। তেতিয়া জানকীৰ বয়স তেৰ বছৰ। ১৯১৪ চনৰ ১৭ মাৰ্চত ইংলেণ্ডলৈ যাত্ৰা কৰাৰ এসপ্তাহ আগত মাক আৰু জানকীক কুম্বকোনমৰ নিগাজী ঘৰলৈ পঠিয়াই দিছিল।

ইংলেণ্ডলৈ যোৱাৰ পিছত চিঠিৰে ৰামানুজনে পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছিল যদিও পিছলৈ চিঠি অনিয়মীয়া হৈছিল। ইফালে শাহুৱেকৰ সৈতে জানকীৰ মতৰ ব্যৱধান বাঢ়ি আহিছিল, লাহে লাহে কাজিয়া হৈছিল। সেয়ে ১৯১৭ চনত জানকীয়ে কৰাচীত থকা ককায়েক আৰু ভনীয়েকৰ বিয়া খাই কুম্বকোনমলৈ উভতি নাহি তিৰুচিৰপল্লীৰ দেউতাকৰ ঘৰলৈ গুচি যায় যিটো খবৰ ৰামানুজনে নাপালে।

জানকীয়ে ৰামানুজনৰ পৰা মৰম আৰু শ্ৰদ্ধা লাভ কৰিছিল। ৰামানুজনে মাজে-সময়ে কৌতুকপূৰ্ণ কথা কৈ জানকীৰ লগত ধেমালি কৰিছিল। জানকীয়ে তাইকো ইংলেণ্ডলৈ লৈ যাবলৈ ৰামানুজনক জেদ ধৰাত ৰামানুজনে ৰগৰ কৰি জানকীক কৈছিল,"তাত কোনোবাই তোমাক পলুৱাই লৈ গ'লে কি হ'ব কোৱা?তুমিযে ইমান ধুনীয়া!"

১৯১৯ চনত ৰামানুজন ভাৰতলৈ ঘূৰি অহাটো নিশ্চিত হোৱাত মাকলৈ দিয়া চিঠিত জানকীক বোম্বাই ৰে'ল ষ্টেচনত লগ ধৰিবলৈ লিখিছিল যদিও মাকে সেই চিঠি জানকীলৈ নপঠালে। পিছত ৰামানুজন ভাৰতত উপস্থিত হৈ জানকীক আনিবলৈ জেদ ধৰাতহে জানকীলৈ খবৰ দি মাতি পঠিওৱা হয়। সুদীৰ্ঘ পাঁচ বছৰৰ মূৰত দেখা অসুখে বিধস্ত কৰা শীৰ্ণ শৰীৰৰ ৰামানুজনক জানকীয়ে এবছৰ বিশেষ যত্ন লয়। ৰামানুজনৰ শৰীৰৰ বিষ পাতলাবলৈ গৰম সেক দিয়ে আৰু তাৰ বাবে পানী তপতাবলৈ ব্যৱহাৰ কৰা পিতলৰ পাত্ৰ এটা জানকীয়ে আজীৱন নিজৰ লগত সাঁচি ৰাখে।

সামাজিক অৱদান

স্বামীৰ মৃত্যুৰ পিছত জানকীয়ে বোম্বাইত থকা ককায়েকৰ ঘৰলৈ গুচি গৈছিল। বোম্বাইত জানকীয়ে ছয়-সাত বছৰমান থাকি চিলাই শিকিছিল আৰু ওচৰ-চুবুৰীয়া মহিলা আৰু ছোৱালীবোৰৰ শাৰী, ফ্ৰক আদি অতি কম মূল্যত চিলাই কৰি দিছিল। লগতে জানকীয়ে তেনে কামৰ প্ৰশিক্ষণ দিও উপাৰ্জনৰ পথ উলিয়াইছিল। পাছলৈ তেওঁ মাদ্ৰাজৰ ট্ৰিপ্লিকেনত থাকিবলৈ লৈছিল।জানকীয়ে নিজৰ উপাৰ্জনৰ এক-চতুৰ্থাংশ মন্দিৰলৈ আৰু আন এক-চতুৰ্থাংশ দুখীয়াক দান দিছিল। ওচৰ-চুবুৰীয়াকো তেওঁ সততে সহায় কৰিছিল। তেওঁৰ এগৰাকী বান্ধৱীৰ জীয়েকৰ নিউমোনিয়াত মৃত্যু হোৱাত তাইৰ সাত-আঠ বছৰীয়া পুত্ৰ ৱাল্লিনুৰু নাৰায়ণক জানকীয়ে ১৯৫১ চনৰ পৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। জানকীয়ে ভনীয়েকৰ ল'ৰা থিৰুভেংকটাচাৰী ৰামস্বামীকো নিজৰ লগত ৰাখি পঢ়ুৱাইছিল।

ৰামানুজনৰ অন্ত্যোষ্ট্ৰিক্ৰিয়া আৰু শ্ৰাদ্ধৰ সময়ত বিভিন্নজনে ৰামানুজনৰ ইটো-সিটো বস্তু সৰকাইছিল যদিও জানকী আৰু জানকীৰ ককায়েকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হৈছিল। দুজনমানে কিছুমান অংক কৰা কাগজো লৈ গৈছিল। বাকী কাগজখিনি জানকীয়ে মাদ্ৰাজ বিশ্ববিদ্যালয়ক সংৰক্ষণৰ বাবে দিছিল।

মৃত্যু

১৯৯৪ চনৰ ১৩ এপ্ৰিলত ৯৫ বছৰ বয়সত জানকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

তথ্যউৎস